ব্যৱহাৰৰ চৰ্তাৱলী – INDUS APPSTORE
অন্তিম আপডেট কৰা হৈছে: 27 অক্টোবৰ 2026
এই নথিখন হৈছে তথ্য প্ৰযুক্তি অধিনিয়ম, 2000 আৰু ইয়াৰ অধীনত সময়ে সময়ে সংশোধিত প্ৰযোজ্য
নিয়মাৱলী আৰু তথ্য প্ৰযুক্তি অধিনিয়ম, 2000ৰ দ্বাৰা সংশোধন কৰা বিভিন্ন আইনৰ ইলেক্ট্ৰনিক ৰেকৰ্ড
সম্পৰ্কীয় সংশোধিত ব্যৱস্থাৰ এক ইলেক্ট্ৰনিক ৰেকৰ্ড। এই নথিখন তথ্য প্ৰযুক্তি (মধ্যস্থতাকাৰী
নিৰ্দেশাৱলী আৰু ডিজিটেল মিডিয়া নৈতিকতা ক’ড) নিয়ম, 2023ৰ নিয়ম 3(1) অনুসৰি প্ৰকাশ কৰা হৈছে। এই
ইলেক্ট্ৰনিক ৰেকৰ্ডটো কম্পিউটাৰ ছিষ্টেম এটাৰ দ্বাৰা সৃষ্টি কৰা হয় আৰু ইয়াৰ বাবে কোনো কায়িক অথবা
ডিজিটেল স্বাক্ষৰৰ প্ৰয়োজন নহয়।
A. স্বীকৃতি দিয়া:
অনুগ্ৰহ কৰি PhonePe Appstoreত পঞ্জীয়ন কৰা, প্ৰৱেশ কৰা অথবা ব্যৱহাৰ কৰাৰ আগতে ইয়াৰ
চৰ্তাৱলীসমূহ (তলত সংজ্ঞায়িত কৰা হৈছে) সাৱধানেৰে পঢ়ক। এই চৰ্তাৱলীসমূহে আপোনাৰ (তলত
সংজ্ঞায়িত কৰা হৈছে) আৰু Indus Appstore প্ৰাইভেট লিমিটেড, যি কোম্পানী অধিনিয়ম, 2013ৰ অধীনত
নিগমবদ্ধ কৰা এটা কোম্পানী হয় আৰু যাৰ পঞ্জীভুক্ত কাৰ্যালয় 51/117, নেলছন টাৱাৰছ, নেলছন মনিকাম
ৰ’ড, আমিনজিকৰাই, চেন্নাই, তামিল নাডু, ভাৰত- 600029ত অৱস্থিত হয় (ইয়াৰ পিছত “Indus” বুলি কোৱা
হয়), এই দুয়োৰে মাজত আইনীভাৱে বাধ্যতামূলক এখন চুক্তি গঠন কৰে, যি আপোনাৰ দ্বাৰা PhonePe
Appstoreৰ সেৱাসমূহৰ (তলত সংজ্ঞায়িত কৰা হৈছে) ব্যৱহাৰক নিয়ন্ত্ৰণ কৰে।
আপোনাৰ PhonePe Appstore ব্যৱহাৰ কৰাটো অব্যাহত ৰাখি, আপুনি সন্মত হৈছে আৰু স্বীকাৰ কৰিছে যে
আপুনি এই চৰ্তাৱলী পঢ়িছে আৰু PhonePe Appstoreৰ সেৱাসমূহ গ্ৰহণ কৰাৰ ক্ষেত্ৰত আপুনি এই চৰ্তাৱলী
মানি চলিবলৈ আৰু পালন কৰিবলৈ সন্মত হৈছে, লাগিলে সেয়া আপুনিয়েই হওক অথবা PhonePe
Appstoreত আপোনাৰ একাউণ্ট ব্যৱহাৰ কৰা অন্য কোনো ব্যক্তিয়েই হওক। যদি আপুনি এই চৰ্তাৱলীৰ
সৈতে সন্মত নহয় অথবা এই চৰ্তাৱলীৰ দ্বাৰা আবদ্ধ হ’ব নিবিচাৰে, তেন্তে আপুনি তৎক্ষণাৎ PhonePe
Appstoreৰ সেৱা ব্যৱহাৰ কৰা বন্ধ কৰিব লাগিব। আপুনি এই চৰ্তাৱলীসমূহ পালন কৰা সাপেক্ষে, Indusয়ে
আপোনাক PhonePe Appstoreৰ সেৱাসমূহ ব্যৱহাৰ কৰিবলৈ ব্যক্তিগত, অনা-একচেটিয়া, অনা-
স্থানান্তৰযোগ্য, সীমিত অনুজ্ঞাপত্ৰ প্ৰদান কৰে।
B. সংজ্ঞাসমূহ আৰু ব্যাখ্যা:
- “প্ৰযোজ্য আইন”ৰ অৰ্থ হৈছে ভাৰতৰ যিকোনো প্ৰযোজ্য কেন্দ্ৰীয়, ৰাষ্ট্ৰীয়, ৰাজ্য অথবা স্থানীয়
চৰকাৰী কৰ্তৃপক্ষৰ দ্বাৰা নিৰ্ধাৰিত যিকোনো আইন, বিধি, নিয়ম, বিনিয়ম, আদেশ, বিজ্ঞপ্তি, ডিক্ৰী,
নিৰ্দেশনা, বিচাৰ, সিদ্ধান্ত অথবা অন্য একে ধৰণৰ আদেশ। - “সমল”ৰ অৰ্থ হৈছে যিকোনো সমল, ইয়াৰ ভিতৰত তলত দিয়াসমূহ অন্তৰ্ভুক্ত হয় কিন্তু ইয়াতে সীমিত
নহয়, অডিঅ’, দৃশ্য-শ্ৰাব্য/ভিডিঅ’, শব্দ, গ্ৰাফিক্স, ছবি, পাঠ, ৱেব লিংক/হাইপাৰলিংক, বিপণন
প্ৰ’ডাক্ট/তৃতীয় পক্ষৰ বিজ্ঞাপনসমূহ আদি। - “ডেভেলপাৰ”ৰ অৰ্থ হৈছে এজন ব্যক্তি (লাগিলে এজন ব্যক্তি হওক অথবা এটা এণ্টিটী হওক) যি ম’বাইল
এপ ডেভেলপ কৰে, ইয়াৰ গৰাকী হয় আৰু/অথবা এইটো পৰিচালনা কৰে। - “ডিভাইচ(সমূহ)”ৰ অৰ্থ হৈছে যিকোনো এণ্ড্ৰইড-আধাৰিত ডিভাইচ যি PhonePe Appstoreৰ সৈতে
সুসংগত হয়, ইয়াত এইবোৰো অন্তৰ্ভুক্ত হয় কিন্তু ইয়াতে সীমিত নহয়, এটা ম’বাইল ফোন, টেবলেট। - “অপ্ৰত্যাশিত ঘটনা”ৰ অৰ্থ হৈছে এনে কোনো ঘটনা যি কোনো পক্ষৰ যুক্তিসঙ্গত নিয়ন্ত্ৰণৰ বাহিৰত
ঘটিত হয়, ইয়াত ভূমিকম্প, মহামাৰী, বিস্ফোৰণ, দুৰ্ঘটনা, ঐশ্বৰিক শক্তিৰ প্ৰভাৱ, যুদ্ধ, অন্যান্য হিংসা,
প্ৰযোজ্য আইনৰ পৰিৱৰ্তন, যিকোনো চৰকাৰী অথবা নিয়ামক কৰ্তৃপক্ষৰ দাবী অথবা প্ৰয়োজনীয়তা
অন্তৰ্ভুক্ত হয়, কিন্তু ইয়াতে সীমিত নহয়। - “বৌদ্ধিক সম্পত্তিৰ অধিকাৰ”ৰ অৰ্থ হৈছে সমগ্ৰ বিশ্বৰ সকলো বৌদ্ধিক সম্পত্তিৰ অধিকাৰ, যাৰ
ভিতৰত তলত দিয়াসমূহ অন্তৰ্ভুক্ত হয় কিন্তু ইয়াতে সীমিত নহয়, যিকোনো পেটেণ্ট, ডিজাইন, কপিৰাইট,
ডেটাবেছ, প্ৰচাৰৰ অধিকাৰ, ট্ৰেডমাৰ্ক, ট্ৰেড চিক্ৰেট অথবা বাণিজ্যৰ নাম (লাগিলে পঞ্জীভুক্ত হওক
অথবা নহওক)। - “ম’বাইল এপ(সমূহ)”ৰ অৰ্থ হৈছে এটা এণ্ড্ৰইড আধাৰিত ম’বাইল এপ্লিকেচন (য’ত .apk/.aab /.obb
ফাইল অন্তৰ্ভুক্ত হয় কিন্তু ইয়াতে সীমিত নহয়), যিটো প্ৰকাশকৰ দ্বাৰা ডিভাইচ(সমূহ) ব্যৱহাৰ কৰি ইয়াৰ
অন্তিম ব্যৱহাৰকাৰীক প্ৰ’ডাক্ট প্ৰদান কৰাৰ উদ্দেশ্যেৰে মালিকানাধীন, বিকশিত, পৰিচালিত, অপাৰেট,
প্ৰকাশন আৰু/অথবা বিতৰণ কৰা হয়। - “PhonePe Appstore”ৰ অৰ্থ হৈছে ‘PhonePe Appstore’ৰ ব্ৰেণ্ড নামৰ অধীনত Indusৰ দ্বাৰা
বিকশিত, মালিকানাধীন, পৰিচালিত, ব্যৱস্থাপনা কৰা আৰু/অথবা প্ৰদান কৰা এটা এণ্ড্ৰইড আধাৰিত ম’বাইল
এপ্লিকেচন, যি ইয়াৰ ব্যৱহাৰকাৰীসকলক PhonePe Appstoreৰ সেৱাসমূহ লাভ কৰিবলৈ সক্ষম কৰি তোলে। - “PhonePe Appstoreৰ সেৱাসমূহ” অথবা “সেৱাসমূহ”ৰ অৰ্থ হৈছে PhonePe Appstoreৰ দ্বাৰা
PhonePe Appstoreৰ ব্যৱহাৰকাৰী(সকল)ক প্ৰদান কৰা সেৱাসমূহ য’ত তলত দিয়াসমূহ অন্তৰ্ভুক্ত হয়,
কিন্তু ইয়াতেই সীমাবদ্ধ নহয়, ম’বাইল এপসমূহ ব্ৰাউজ কৰা, বিচৰা, চোৱা আৰু ডাউনল’ড কৰা
(আপডেটসমূহকে ধৰি); আৰু কিছুমান নিৰ্দিষ্ট সমল প্ৰদৰ্শন কৰা। - “প্ৰ’ডাক্টসমূহ”ৰ অৰ্থ হৈছে যিকোনো প্ৰ’ডাক্ট অথবা সেৱাসমূহ (যিক্ষেত্ৰত যেনে হয়) যিবোৰ এজন
ডেভেলপাৰে ম’বাইল এপ(সমূহ)ৰ জৰিয়তে প্ৰদান কৰে, যি PhonePe Appstoreৰ মাধ্যমেৰে উপলব্ধ কৰোৱা
হয়। - “প্ৰকাশক”ৰ অৰ্থ হৈছে ডেভেলপাৰ, বিজ্ঞাপনদাতা আৰু/অথবা তৃতীয় পক্ষসমূহ যাৰ ম’বাইল এপ(সমূহ)
আৰু/অথবা সমল, যিক্ষেত্ৰত যেনে হয়, PhonePe Appstoreৰ মাধ্যমেৰে/ PhonePe Appstoreত উপলব্ধ
কৰোৱা হয়; - “চৰ্তাৱলী” বুলিলে এই ‘ব্যৱহাৰৰ চৰ্তাৱলী – PhonePe Appstore’ তথা ইয়াত অন্তৰ্ভুক্ত যিকোনো
হাইপাৰলিংক, অনুসূচী, পৰিশিষ্ট, প্ৰদৰ্শন, সংশোধন আৰু/অথবা সালসলনিসমূহক বুজায়, যিবোৰক ইয়াত
প্ৰসংগৰ ৰূপত অন্তৰ্ভুক্ত কৰা হৈছে। - “আপুনি”, “আপোনাৰ”, “আপুনি নিজে” বোলাৰ অৰ্থ হ’ব এনে যিকোনো ব্যক্তি যিয়ে PhonePe Appstore
অথবা PhonePe Appstoreৰ সেৱাসমূহ এক্সেছ কৰে অথবা ব্যৱহাৰ কৰে।
C. যোগ্যতা:
PhonePe Appstore এক্সেছ কৰি আৰু/অথবা ব্যৱহাৰ কৰাৰ জৰিয়তে, আপুনি এয়া ঘোষণা কৰে আৰু
সুনিশ্চিত কৰে যে: - আপুনি এখন চুক্তি/আইনীভাৱে বাধ্যতামূলক চুক্তিত অংশগ্ৰহণ কৰিবলৈ সক্ষম হয়। ইয়াৰোপৰি, আপুনি
ওঠৰ (18) বছৰ অথবা তাতকৈ অধিক বয়সৰ হয় অথবা যদি আপুনি নাবালক হয় তেন্তে অনুগ্ৰহ কৰি সুনিশ্চিত
কৰিব যে আপোনাৰ পিতৃ-মাতৃ অথবা আইনী অভিভাৱকে এই চৰ্তাৱলী আৰু গোপনীয়তা নীতি পঢ়ে আৰু স্বীকাৰ
কৰে; - আপুনি নিশ্চিত কৰে আৰু কথা দিয়ে যে সকলো ডেটা আৰু তথ্য, যাৰ ভিতৰত তলত দিয়াসমূহ
অন্তৰ্ভুক্ত হয় কিন্তু ইয়াতে সীমিত নহয়, সেইটো ম’বাইল নম্বৰ যিটো আপুনি Indusক প্ৰদান কৰে, সকলো
ফালৰ পৰা শুদ্ধ হয়; - আপোনাক ভাৰতৰ আইনসমূহ অথবা সেই নিৰ্দিষ্ট ন্যায়াধিকৰণৰ অধীনত, য’ত আপুনি বৰ্তমানে আছে,
PhonePe Appstoreৰ সেৱাসমূহ এক্সেছ কৰা অথবা সেইবোৰ ব্যৱহাৰ কৰাৰ পৰা বাধা দিয়া অথবা
অন্যথা আইনীভাৱে নিষিদ্ধ কৰা হোৱা নাই; আৰু - আপুনি কোনো ব্যক্তি বা এণ্টিটীৰ ছদ্মবেশ ধৰা নাই, অথবা নিজৰ বয়স অথবা কোনো ব্যক্তি অথবা
এণ্টিটীৰ সৈতে নিজৰ সম্পৰ্কৰ বিষয়ে মিছা কোৱা নাই।
D. PhonePe APPSTORE লৈ এক্সেছ:
PhonePe Appstoreৰ সেৱাসমূহ গ্ৰহণ কৰাৰ আগতে, আপুনি নিজৰ ম’বাইল নম্বৰ আৰু/অথবা অন্য
যিকোনো প্ৰমাণপত্ৰ/সত্যাপন ব্যৱহাৰ কৰি এটা ব্যৱহাৰকাৰী একাউণ্ট সৃষ্টি কৰিব লাগিব, যেনেদৰে
Indusয়ে সময়ে সময়ে প্ৰয়োজনীয় বুলি কব পাৰে। আপুনি বুজি পাইছে যে PhonePe Appstoreত এটা
ব্যৱহাৰকাৰী একাউণ্ট সৃষ্টি কৰিবলৈ Indusএ ‘PhonePeৰ জৰিয়তে ল’গইন কৰক’ (PhonePe লিমিটেড
(পূৰ্বতে PhonePe প্ৰাইভেট লিমিটেড নামেৰে জনাজাত)ৰ দ্বাৰা প্ৰদান কৰা এটা সেৱা) ব্যৱহাৰ কৰে। যদি
আপুনি ইতিমধ্যে ”PhonePeৰ জৰিয়তে ল’গইন কৰক’ সুবিধাৰ জৰিয়তে পঞ্জীয়ন কৰিছে, তেন্তে এই
ক্ষেত্ৰত Indusএ এই ডেটা/তথ্য উলিয়াই আনি ব্যৱহাৰ কৰিব।
PhonePe Appstoreয়ে আপোনাক, অন্য বিষয়ৰ মাজতে, ম’বাইল এপসমূহ অনুসন্ধান আৰু ডাউনলোড কৰিবলৈ
তথা ডিভাইচ(সমূহ)ৰ জৰিয়তে সমল চাবলৈ/ব্যৱহাৰ কৰিবলৈ সক্ষম কৰি তোলে। PhonePe Appstoreয়ে কাম
কৰিবলৈ আৰু PhonePe Appstoreৰ সেৱাসমূহ প্ৰদান কৰিবলৈ, আপুনি কিছুমান অনুমতি প্ৰদান কৰিবলগীয়া
হ’ব পাৰে আৰু ইয়াৰ বাবে, আপুনি প্ৰম্পট নʼটিফিকেছনসমূহ প্ৰাপ্ত কৰিব।
আপোনাৰ PhonePe Appstoreৰ সেৱাসমূহৰ ব্যৱহাৰৰ ক্ষেত্ৰত, আপুনি সন্মত হৈছে যে: আপুনি PhonePe
Appstoreৰ সেৱাসমূহৰ ব্যৱহাৰ কেৱল সেইবোৰ উদ্দেশ্যৰ বাবে কৰিব যিবোৰ (i) প্ৰযোজ্য আইনৰ দ্বাৰা
অনুমোদিত হয়, (ii) কেৱল ব্যক্তিগত আৰু অনা-বাণিজ্যিক ব্যৱহাৰৰ বাবে হয়, আৰু; (iii) আপুনি Indusৰ
সেৱাসমূহত হস্তক্ষেপ কৰা অথবা ব্যাঘাত জন্মোৱা কোনো কাৰ্যকলাপৰ সৈতে জড়িত নহ’ব।
আপোনাৰ ব্যৱহাৰকাৰী লগইনৰ গোপনীয়তা আৰু সুৰক্ষা বজাই ৰখাৰ বাবে কেৱল আপুনিয়েই দায়বদ্ধ হয়।
আপুনি নিজৰ ব্যৱহাৰকাৰীৰ লগইন তথ্য অন্য কাৰো ওচৰত প্ৰকাশ নকৰিব, অন্য কাকো আপোনাৰ
ব্যৱহাৰকাৰীৰ লগইন ব্যৱহাৰ কৰিবলৈ অনুমতি নিদিব অথবা নিজেও অন্য কোনো ব্যৱহাৰকাৰীৰ লগইন
ব্যৱহাৰ নকৰিব।
আপুনি তলত দিয়াসমূহৰ বাবে PhonePe Appstoreৰ সেৱাসমূহ ব্যৱহাৰ কৰিব নালাগিব: (i) যাৰ ফলত
যিকোনো প্ৰকাৰেৰে যিকোনো ব্যক্তিৰ বৌদ্ধিক সম্পত্তিৰ অধিকাৰ অথবা ব্যক্তিত্বৰ অধিকাৰ উলংঘন হ’ব পাৰে
অথবা যিকোনো ভুল তথ্য বিয়পিব পাৰে;(ii) যাৰ ফলত নাবালকক শোষণ কৰা অথবা বিপদত পেলোৱা
হয়; (iii) যাৰ ফলত কোনো তৃতীয় পক্ষৰ ওচৰত কোনো ম’বাইল এপ অথবা সমল বিক্ৰী, প্ৰেৰণ,
যোগাযোগ, সংশোধন, উপ-অনুজ্ঞাপত্ৰ, স্থানান্তৰ, আবণ্টন, ভাড়া, লীজ, পুনৰ বিতৰণ, সম্প্ৰচাৰ কৰাৰ দৰে
কোনো কাম কৰা হয়; (iv) যাৰ ফলত PhonePe Appstore অথবা ইয়াৰ দ্বাৰা প্ৰদান কৰা যিকোনো
বিশেষত্ব, সেৱা অথবা সুৰক্ষামূলক বৈশিষ্ট্যক বাধা দিব পৰা, অক্ষম অথবা নিষ্ফল কৰিব পৰা কাম কৰা,
কৰিবলৈ চেষ্টা কৰা অথবা অন্যক এনে কাম কৰিবলৈ সহায় কৰা, অনুমতি দিয়া অথবা উদগনি যোগোৱা
হয়; (v) যাৰ কোনো অবৈধ, অসাধু, অনৈতিক উদ্দেশ্য থাকে; (vi) যিয়ে সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত
কৰে, ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি আনে; (vii) যি মানৱাধিকাৰ উলংঘন কৰা
অথবা প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে যিকোনো ব্যক্তিগত আঘাত বা মৃত্যুৰ কাৰণ হয়; আৰু (viii) যাৰ জৰিয়তে
অশ্লীল, পৰ্ণোগ্ৰাফিক, পেডোফিলিক, শাৰীৰিক গোপনীয়তাসহ আনৰ গোপনীয়তাক আক্ৰমণ কৰা, লিংগৰ
আধাৰত অপমান কৰা অথবা হাৰাশাস্তি কৰা কাম, গোষ্ঠীগত অথবা জাতিগতভাৱে আপত্তিজনক, ধন
আত্মসাৎ কৰা অথবা জুৱা খেলৰ সৈতে সম্পৰ্কিত অথবা উৎসাহিত কৰাৰ সৈতে জড়িত কাম অথবা হিংসাক
উদগনি যোগোৱাৰ উদ্দেশ্যৰে ধৰ্ম অথবা জাতিৰ আধাৰত বিভিন্ন গোটৰ মাজত শত্ৰুতা বৃদ্ধি কৰাৰ দৰে
যিকোনো কাৰ্যকলাপ কৰা হয়।
আপুনি সন্মত হৈছে যে কোনো অপ্ৰত্যাশিত ঘটনাৰ ফলত PhonePe Appstore অথবা ইয়াৰ কোনো অংশ
উপলব্ধ নহ’লে Indus আপোনাৰ ওচৰত কোনো ধৰণেৰে দায়বদ্ধ নহ’ব। আপুনি PhonePe Appstoreক
সম্পূৰ্ণ অথবা আংশিকভাৱে সংশোধন, ৰিভাৰ্চ ইঞ্জিনীয়াৰ, ডিকম্পাইল অথবা বিচ্ছিন্ন নকৰিব অথবা
PhonePe Appstoreৰ পৰা কোনো ধৰণৰ ডিৰিভেটিভ কাম সৃষ্টি নকৰিব অথবা ইয়াৰ কোনো অধিকাৰৰ বাবে
উপ-অনুজ্ঞাপত্ৰ প্ৰদান নকৰিব।
আপুনি সন্মত হৈছে যে আপোনাৰ ম’বাইল এপ অথবা কোনো সমল ব্যৱহাৰ কৰা অথবা ম’বাইল এপ অথবা
আপোনাৰ ডিভাইচৰ কোনো কাৰ্যকাৰিতাৰ ক্ষেত্ৰত Indusৰ কোনো দায়িত্ব অথবা বাধ্যবাধকতা নাই। আপুনি
বুজি পাইছে যে আপোনাৰ আৰু প্ৰকাশকৰ মাজত সম্পন্ন হোৱা চুক্তিৰ ক্ষেত্ৰত Indus এটা পক্ষ নহয় আৰু
চুক্তিৰ অধীনৰ সকলো দায়বদ্ধতাৰ বাবে কেৱল প্ৰকাশক দায়বদ্ধ হ’ব, য’ত ৱাৰেণ্টি আৰু/অথবা গেৰাণ্টী
অন্তৰ্ভুক্ত হয় কিন্তু ইয়াতে সীমিত নহয়।
ইয়াৰোপৰি আপুনি Indusৰ গোপনীয়তা নীতি মানি চলিবলৈ সন্মত হৈছে যিয়ে Indusয়ে আপোনাৰ ব্যক্তিগত
তথ্য কেনেদৰে পৰিচালনা কৰে সেয়া বৰ্ণনা কৰে।
E. PhonePe APPSTOREৰ ব্যৱহাৰৰ চৰ্তাৱলী আৰু সীমাবদ্ধতাসমূহ:
- PhonePe Appstoreৰ সেৱাসমূহ অনুসৰি, Indusয়ে আপোনাক PhonePe Appstoreত ম’বাইল এপ
আৰু/অথবা সমল অনুসন্ধান আৰু এক্সেছ কৰিবলৈ সক্ষম কৰি তুলিব। - ইয়াৰ দ্বাৰা আপুনি সন্মত হৈছে আৰু স্বীকাৰ কৰিছে যে ম’বাইল এপসমূহৰ বিষয়বস্তুৰ বিষয়ে Indusৰ
বাস্তৱিক অথবা নিৰ্দিষ্ট জ্ঞান নাই। অৱশ্যে, Indusয়ে নিজৰ বিবেচনা অনুসৰি তথা প্ৰযোজ্য আইন অনুসৰি
যিকোনো ম’বাইল এপ নিৰীক্ষণ কৰিব পাৰে আৰু যদি Indusয়ে নিজা বিবেচনা অনুসৰি এয়া নিৰ্ধাৰিত কৰে যে
এনে কোনো ম’বাইল এপ অথবা তাত সন্নিৱিষ্ট সমলে এই চৰ্তাৱলী অথবা যিকোনো প্ৰযোজ্য আইন উলংঘা
কৰি আছে, তেন্তে Indusয়ে PhonePe Appstoreৰ পৰা সেইবোৰ ম’বাইল এপ আঁতৰাই দিব পাৰে। Indusয়ে
যিকোনো আইন বলৱৎকাৰী অথবা অন্য চৰকাৰী সংস্থাসমূহৰ পৰা কোনো এপ ইয়াৰ পৰা আঁতৰাবলৈ অনুৰোধ
প্ৰাপ্ত কৰিলেও PhonePe Appstoreৰ পৰা যিকোনো ম’বাইল এপ আঁতৰাই দিব পাৰে। - আপোনাৰ ব্যৱহাৰকাৰী লগইনত অথবা ইয়াৰ জৰিয়তে সম্পন্ন হোৱা সকলো কাৰ্যকলাপৰ বাবে আপুনি
সম্পূৰ্ণৰূপে দায়বদ্ধ হয় আৰু আপোনাৰ ব্যৱহাৰকাৰী লগইনৰ কোনো অনধিকৃত ব্যৱহাৰ অথবা অন্য কোনো
সুৰক্ষা উলংঘনৰ ক্ষেত্ৰত আপুনি তৎক্ষণাৎ Indusক অৱগত কৰিবলৈ সন্মত হৈছে। - Indusয়ে কিছুমান পৰিস্থিতিত যিকোনো সমল আৰু/অথবা ম’বাইল এপৰ বাবে আপোনাক এক্সেছ প্ৰদান কৰা
বন্ধ কৰিব পাৰে, ইয়াত প্ৰকাশকে Indusৰ নীতিসমূহ উলংঘন কৰা, প্ৰকাশকে PhonePe Appstoreত
সমল/ম’বাইল এপ প্ৰদান কৰিবলৈ বন্ধ কৰা অথবা আপুনি/প্ৰকাশকে প্ৰযোজ্য আইন উলংঘন কৰাটো
অন্তৰ্ভুক্ত হয় কিন্তু ইয়াতে সীমিত নহয়। যদি PhonePe Appstoreৰ পৰা এটা ম’বাইল এপ আঁতৰোৱা হয়,
তেন্তে ম’বাইল এপটো আঁতৰোৱাৰ পিছত আপুনি PhonePe Appstoreৰ জৰিয়তে ইয়াৰ কোনো আপডেট অথবা
আপগ্ৰেড প্ৰাপ্ত কৰাটো বন্ধ হ’ব। - PhonePe Appstoreয়ে ম’বাইল এপসমূহ হোষ্ট কৰে যিবোৰত বিভিন্ন সমল থাকিব পাৰে, ইয়াৰে কিছুমান
সমল বিনামূলীয়া হ’ব পাৰে আৰু কিছুমান সমল দাম আদায় দি ছাবস্ক্ৰিপচন অথবা ইন-এপ ক্ৰয়ৰ জৰিয়তে পাব
পৰা হ’ব পাৰে, যাৰ মাচুল আপুনি প্ৰকাশকক পৰিশোধ কৰিব লাগিব। সমলৰ মূল্য নিৰ্ধাৰণ প্ৰকাশকৰ বিবেচনা
আৰু তেওঁলোকৰ দ্বাৰা নিৰ্ধাৰিত চৰ্তাৱলীৰ ওপৰত আধাৰিত হয় আৰু ইয়াৰ ওপৰত PhonePe
Appstore/Indusৰ কোনো নিয়ন্ত্ৰণ নাই। মূল্য পৰিৱৰ্তন, ছাবস্ক্ৰিপচনৰ চৰ্তাৱলীৰ বাবে, আপুনি
সংশ্লিষ্ট প্ৰকাশকৰ সৈতে যোগাযোগ কৰিব লাগিব, যি আপোনাৰ দ্বাৰা বাছনি কৰা অথবা ক্ৰয় কৰা সমলৰ
প্ৰদানকাৰী হয়। আপুনি যেতিয়া সমল ক্ৰয় কৰিব, তেতিয়া আপুনি সংশ্লিষ্ট প্ৰকাশকৰ সৈতে এখন পৃথক
চুক্তিত আবদ্ধ হ’ব। পৰিশোধ সম্পৰ্কিত যিকোনো সমস্যাৰ ক্ষেত্ৰত, আপুনি সংশ্লিষ্ট প্ৰকাশক, আপোনাৰ
বেংক অথবা পৰিশোধ সেৱা প্ৰদানকাৰীৰ সৈতে যোগাযোগ কৰিব লাগিব।
6. Indusৰ ওচৰত নিজা বিবেচনাৰ আধাৰত, আপোনাক জাননী দিয়াৰ পাছত অথবা জাননী নিদিয়াকৈ, যিকোনো
সময়তে, PhonePe Appstore সংশোধন কৰাৰ অধিকাৰ সংৰক্ষিত থাকে। PhonePe Appstore সকলো
সময়তে উপলব্ধ নহ’বও পাৰে, যেনে ৰক্ষণাবেক্ষণ ডাউনটাইমৰ সময়ত (যি পৰিকল্পিত অথবা অপৰিকল্পিত
হ’ব পাৰে)। Indusয়ে নিজা বিবেচনাৰ আধাৰত, কোনো জাননী নিদিয়াকৈ যিকোনো সময়তে, PhonePe
Appstore অথবা ইয়াৰ দ্বাৰা প্ৰদান কৰা সেৱাসমূহ (অথবা ইয়াৰ কোনো অংশ) স্থগিত কৰা অথবা বন্ধ
কৰাৰ সিদ্ধান্ত ল’ব পাৰে।
7. প্ৰকাশকসকলে নিজৰ ম’বাইল এপসমূহৰ বিৱৰণৰ সৈতে সম্পৰ্কিত সঠিক তথ্য Indusক প্ৰদান কৰাৰ
প্ৰয়োজন থকা স্বত্বেও, Indusয়ে এনে কোনো নিশ্চয়তা প্ৰদান নকৰে যে প্ৰকাশকে প্ৰদান কৰা ম’বাইল
এপ(সমূহ) অথবা অন্যান্য বিৱৰণ/সমল/প্ৰ’ডাক্ট(সমূহ) সঠিক, সম্পূৰ্ণ, নিৰ্ভৰযোগ্য, নতুন অথবা
ত্ৰুটিমুক্ত হয়।
8. আপুনি PhonePe Appstoreত থকা ম’বাইল এপ(সমূহ)ত এটা ‘সত্যাপিত’ বেজ আৰু/অথবা ‘টপ ৰেটেড’ বেজ
দেখা পাব। সত্যাপিত বেজটো ম’বাইল এপ(সমূহ)ৰ প্ৰদৰ্শনৰ ওপৰত আধাৰিত হয়, এয়া Indusয়ে ব্যৱহাৰ কৰা
কিছুমান তৃতীয় পক্ষৰ স্কেনিং সঁজুলিৰ ক্ষেত্ৰত এপবোৰে দেখুওৱা প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি দিয়া হয়।
PhonePe Appstoreৰ মাধ্যমেৰে ম’বাইল এপ(সমূহ)ৰ ব্যৱহাৰ/প্ৰদৰ্শনৰ আধাৰত টপ ৰেট বেজটো প্ৰদান
কৰা হয়। সত্যাপিত বেজ আৰু টপ ৰেটেড বেজসমূহে, কোনো ধৰণেৰে, ম’বাইল এপ(সমূহ)ৰ
নিৰ্ভৰযোগ্যতা/সুৰক্ষাক নুবুজায় আৰু এই বেজবোৰক কোনো ধৰণেৰে, Indusয়ে ম’বাইল এপটো অনুমোদন
কৰা হিচাপে গণ্য কৰিব নালাগে। আপোনাৰ দ্বাৰা এনে ম’বাইল এপ(সমূহ)ৰ ব্যৱহাৰ কেৱল আপোনাৰ নিজা
বিপদাশংকাৰ আধাৰত হ’ব আৰু এয়া আপোনাৰ আৰু প্ৰকাশকৰ মাজত সন্মত হোৱা নিয়ম আৰু চৰ্তাৱলী
অনুসৰি হ’ব।
9. ছফ্টৱেৰ আপডেটসমূহ: সংশ্লিষ্ট ম’বাইল এপ(সমূহ)ৰ ডেভেলপাৰে সময়ে সময়ে ম’বাইল এপটোৰ শেহতীয়া
ভাৰ্ছনসমূহ জাৰী কৰিব পাৰে। আপুনি ইয়াৰ দ্বাৰা সন্মত হৈছে যে Indusএ অটোমেটিকভাৱে ৱাই-ফাই অথবা
ম’বাইল ডেটা ব্যৱহাৰ কৰি আপোনাৰ ডিভাইচত থকা ম’বাইল এপত আপোনাৰ ফালৰ পৰা কোনো মেনুৱেল
হস্তক্ষেপৰ প্ৰয়োজন নোহোৱাকৈ আপডেটসমূহ (যেতিয়া উপলব্ধ হয়) ইনষ্টল কৰিব। আপুনি ‘প্ৰ’ফাইল’ শাখাত
প্ৰদান কৰা ছেটিংছৰ জৰিয়তে অটো-আপডেটৰ সন্দৰ্ভত নিজৰ পচন্দসমূহ পৰিচালনা কৰিব পাৰে।
F. ৰিভিউ আৰু ৰেটিং:
আপুনি PhonePe Appstoreত এক্সেছ আৰু ব্যৱহাৰ কৰা ম’বাইল এপবোৰৰ বিষয়ে আপুনি PhonePe
Appstoreত ৰেটিং আৰু ৰিভিউ প্ৰদান কৰিব পাৰে। PhonePe Appstoreত প্ৰদৰ্শিত ম’বাইল এপ(বোৰ)ৰ
ৰেটিং PhonePe Appstore ব্যৱহাৰকাৰীৰ গড় ৰেটিঙৰ ওপৰত আধাৰিত কৰি গণনা কৰা হয়।
ৰিভিউত আপোনাৰ ব্যৱহাৰকাৰী লʼগইন একাউণ্টৰ সৈতে সংযুক্ত বিৱৰণসমূহ দেখুওৱা হʼব। ৰিভিউ প্ৰদান
কৰিলে ডেভেলপাৰসকলে আপোনাৰ ব্যৱহাৰকাৰী লʼগইন একাউণ্টৰ বিৱৰণ, ভাষা, ডিভাইচ আৰু ডিভাইচৰ তথ্য
(যেনে ভাষা, মডেল, আৰু OS সংস্কৰণ) চাবলৈ সক্ষম হ’ব। লগতে ডেভেলপাৰসকলে ৰিভিউৰ উত্তৰ দিব পাৰিব
আৰু আপোনাক উত্তৰ দিবলৈ এই তথ্য ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এটা ৰিভিউ সম্পাদনা কৰে, আন
ব্যৱহাৰকাৰী আৰু ডেভলপাৰসকলে আপুনি ৰিভিউটো ডিলিট নকৰালৈকে পূৰ্বৰ সম্পাদনাসমূহ চাব পাৰে।
ৰেটিং আৰু ৰিভিউ প্ৰদানৰ বাবে Indusৰ নিৰ্দেশনাৱলী তলত দিয়া হৈছে। এই নিৰ্দেশনাবোৰ অনুপালন নকৰাকৈ
লিখা ৰিভিউ আঁতৰ কৰা হʼব আৰু যিসকলে বাৰে বাৰে বা গুৰুতৰভাৱে এই নিৰ্দেশনাৱলী উলংঘা কৰে, তেওঁলোকে
PhonePe Appstoreত ৰিভিউ পোষ্ট কৰাৰ ক্ষমতা হেৰুৱাব পাৰে।
- স্পেম আৰু ভুৱা ৰিভিউ: অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপোনাৰ ৰিভিউসমূহত আপুনি পৰ্যালোচনা কৰি
থকা ম’বাইল এপ(বোৰ)ৰ সৈতে আপোনাৰ অভিজ্ঞতা প্ৰতিফলিত হৈছে। অনুগ্ৰহ কৰি এইসমূহ পোষ্ট নকৰিব:
(i) ভুল ৰিভিউ; (ii) একেটা ৰিভিউ একাধিকবাৰ;
(iii) একেটা সমলৰ বাবে বেলেগ বেলেগ একাউণ্টৰ পৰা ৰিভিউ; (iv) আন ব্যৱহাৰকাৰীক বিপথে
পৰিচালিত কৰিবলৈ বা ৰেটিং তাৰতম্য কৰিবলৈ ৰিভিউ; আৰু/বা (v) আনৰ হৈ ৰিভিউ। - প্ৰাসংগিক ৰিভিউ: অনুগ্ৰহ কৰি নিশ্চিত কৰক যে ৰিভিউবোৰ আপুনি পৰ্যালোচনা কৰা মʼবাইল এপ(বোৰ)ৰ
সৈতে প্ৰাসংগিক হয়। - প্ৰচাৰমূলক সামগ্ৰী: অনুগ্ৰহ কৰি নিশ্চিত কৰক যে ৰিভিউবোৰে আপুনি পৰ্যালোচনা কৰি থকা মʼবাইল
এপ(সমূহ)ৰ পৰিসৰৰ বাহিৰত সমল প্ৰচাৰ কৰা নাই। - আৰ্থিক লাভ: অনুগ্ৰহ কৰি নিশ্চিত কৰক যে ৰিভিউবোৰ নিৰপেক্ষ আৰু আৰ্থিক লাভৰ দ্বাৰা প্ৰভাৱিত
নহয়। এই সম্পৰ্কীয় বিষয়ত, অনুগ্ৰহ কৰি ৰিভিউ পোষ্ট কৰাৰ বিনিময়ত কোনো ইনচেণ্টিভ গ্ৰহণ নকৰিব বা
প্ৰদান নকৰিব। - বৌদ্ধিক সম্পত্তি: অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপুনি আনৰ বৌদ্ধিক সম্পত্তিৰ অধিকাৰ উলংঘা কৰা
ৰিভিউ পোষ্ট নকৰে। - সংবেদনশীল তথ্য: অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপুনি আপোনাৰ ৰিভিউৰ অংশ হিচাপে আপোনাৰ
ব্যক্তিগত বা গোপনীয় তথ্য বা অন্য কোনো ব্যৱহাৰকাৰীৰ ব্যক্তিগত বা গোপনীয় তথ্য পোষ্ট নকৰে। - আপত্তিজনক ভাষা: অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপুনি আপোনাৰ ৰিভিউবোৰত অশ্লীল, অপবিত্ৰ,
অপমানজনক ভাষা ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব। - প্ৰযোজ্য আইন: অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপুনি পোষ্ট কৰা ৰিভিউবোৰ প্ৰযোজ্য আইন অনুসৰণ
কৰিছে আৰু তাত কোনো অবৈধ/যৌন উত্তেজিত/ঘৃণনীয় সমল নাই।
যদি আপুনি অপব্যৱহাৰ অথবা অন্যান্য সমল উলংঘনৰ বিষয়ে অভিযোগ জনাব বিচাৰে, তেন্তে অনুগ্ৰহ কৰি
অভিযোগ নীতি চাওক যিটো Indusৰ তৰফৰ পৰা পৃথকভাৱে উপলব্ধ কৰোৱা হৈছে।
আপুনি সন্মত হৈছে যে PhonePe Appstoreয়ে স্বয়ংক্ৰিয় উপায়েৰে অথবা মেনুৱেলী কিছুমান অথবা সকলো
ৰিভিউ আৰু ৰেটিং পৰীক্ষা কৰিব পাৰে তথা সংশোধন কৰিব পাৰে। Indusৰ ওচৰত এয়া অধিকাৰ আছে যে ই
যিকোনো ৰিভিউ আৰু ৰেটিং খাৰিজ কৰিব অথবা আঁতৰাই দিব পাৰিব, যিবোৰ Indusৰ নিজা মতামত অনুসৰি
অনুপযুক্ত হয় অথবা যিবোৰ ম’বাইল এপ অথবা ম’বাইল এপৰ সৈতে জড়িত বিষয়ৰ সৈতে সম্পৰ্কিত নহয়
অথবা যিবোৰে Indusৰ নীতিসমূহৰ উলংঘন কৰে। এই ক্ষেত্ৰত Indusৰ সিদ্ধান্তই চূড়ান্ত হ’ব আৰু এয়া
PhonePe Appstoreৰ সকলো ব্যৱহাৰকাৰীৰ বাবে বাধ্যতামূলক হ’ব।
আপুনি বুজি পাইছে যে PhonePe Appstoreত যিবোৰ ম’বাইল এপ ৰেটিং প্ৰদৰ্শিত হয়, সেইবোৰ PhonePe
Appstoreৰ ব্যৱহাৰকাৰীসকলে প্ৰদান কৰা ৰেটিং আৰু/অথবা Indusৰ মাৰ্কেট ইণ্টেলিজেন্সৰ সমূহীয়া
ফলাফল হয় আৰু সেয়ে, PhonePe Appstoreয়ে এয়া সুনিশ্চিত কৰিব নোৱাৰে যে সেইবোৰ সঠিক হয়
আৰু/অথবা ম’বাইল এপৰ প্ৰদৰ্শন/উপযুক্ততাক নিৰ্দেশিত কৰে।
G. ভাউচাৰ
যদি আপুনি PhonePe Appstoreত আগবঢ়োৱা যিকোনো তৃতীয় পক্ষৰ ডিজিটেল ভাউচাৰ, ডিজিটেল
ক্ৰেডিট/টোকেন/পইণ্ট অথবা অন্য ডিজিটেল মূল্যৰ আকাৰত টপ-আপ, প্ৰমোচনেল ক’ড অথবা গিফ্ট কাৰ্ড
(সামূহিকভাৱে, “ভাউচাৰ”) এক্সেছ কৰে, চায়, বাছনি কৰে অথবা ক্ৰয় কৰে তেন্তে এই অংশটো প্ৰযোজ্য হ’ব।
- আপুনি স্বীকাৰ কৰে যে PhonePe Appstoreত উপলব্ধ সকলো ভাউচাৰ হয়তো তৃতীয় পক্ষৰ সেৱা
প্ৰদানকাৰীৰ দ্বাৰা (ইয়াৰ পাছত “ভাউচাৰ সেৱা প্ৰদানকাৰী” বুলি কোৱা হৈছে) অথবা সংশ্লিষ্ট খুচুৰা
ব্ৰেণ্ড, কৰ্পোৰেট সংস্থা অথবা ভাউচাৰত প্ৰদৰ্শিত সেৱা প্ৰদানকাৰী (প্ৰত্যেকেই,”মাৰ্চেণ্ট”)ৰ
সৈতে সম্পন্ন কৰা ব্যক্তিগত বাণিজ্যিক ব্যৱস্থাৰ অধীনত ভাউচাৰ সেৱা প্ৰদানকাৰীৰ দ্বাৰা চালিত
আৰু পৰিচালিত হয়। - আপুনি স্বীকাৰ কৰিছে যে Indusএ কেৱল আপোনাৰ সুবিধাৰ বাবে আপোনাক ভাউচাৰসমূহৰ প্ৰতি
এক্সেছ প্ৰদান কৰি আছে আৰু PhonePe Appstoreএ কেৱল ডিজিটেল ইণ্টাৰফেচ, মধ্যস্থতাকাৰী
আৰু সুবিধা প্ৰদানকাৰী হিচাপেহে কাম কৰে যাৰ ফলত ইয়াৰ প্লেটফৰ্মত ভাউচাৰসমূহ প্ৰদৰ্শন কৰা
আৰু ক্ৰয় কৰাটো সম্ভৱ হয়। আপুনি ইয়াৰ দ্বাৰা স্বীকাৰ কৰে যে PhonePe Appstore এই
ভাউচাৰৰ জাৰিকৰ্তা, প্ৰদানকাৰী অথবা ভৌতিক প্ৰচেছৰ নহয় আৰু ভাউচাৰৰ অফাৰ, এইটো জাৰি
কৰা, ৰিডিম কৰা অথবা ইয়াৰ সুবিধা পূৰণ কৰাৰ ক্ষেত্ৰত ইয়াৰ কোনো ভূমিকা নাথাকিব। - প্ৰযোজ্য আইনৰ অধীনত অনুমোদিত সম্পূৰ্ণ পৰিসৰলৈকে, Indusএ সকলো ৱাৰেণ্টী, বিপদাশংকা
অথবা গেৰাণ্টী অস্বীকাৰ কৰে, লাগিলে সেইটো বিধিবদ্ধ, স্পষ্ট অথবা অন্তৰ্নিহিত হওক, যাৰ
ভিতৰত বিক্ৰীযোগ্যতা, এটা নিৰ্দিষ্ট উদ্দেশ্যৰ বাবে উপযুক্ততা, কাৰ্যকৰী আপটাইম, যিকোনো
ভাউচাৰৰ বৈধতা, প্ৰযোজ্য আইনৰ অনুপালন কৰা আৰু/অথবা মালিকানাধীন অধিকাৰ উলংঘন নকৰাৰ
অন্তৰ্নিহিত ৱাৰেণ্টীসমূহ অন্তৰ্ভুক্ত কিন্তু ইয়াতে সীমাবদ্ধ নহয়। ভাউচাৰৰ জীৱনকাল অথবা
ভৌতিক ৰিডেম্পচন সম্পৰ্কীয় যিকোনো চুক্তি কঠোৰভাৱে আপোনাৰ, ভাউচাৰ সেৱা প্ৰদানকাৰী আৰু
সংশ্লিষ্ট ব্যৱসায়ীৰ মাজত সম্পন্ন হয়। আপুনি ইয়াৰ দ্বাৰা PhonePe Appstore অথবা ইয়াৰ
কোনো সহযোগী সংস্থাক ভাউচাৰৰ পৰা অথবা ইয়াৰ সৈতে সম্পৰ্কিত বিষয়ৰ দ্বাৰা সৃষ্টি হোৱা
কোনো দাবী, সমস্যা, ক্ষতি অথবা বিবাদৰ পক্ষভুক্ত নকৰিবলৈ সন্মত হৈছে। - এখন ভাউচাৰ ক্ৰয় কৰাৰ দ্বাৰা, আপুনি ভাউচাৰ ক্ৰয় কৰাৰ সময়ত আপোনাৰ বাবে আগবঢ়োৱা
নিৰ্দিষ্ট ভাউচাৰৰ ক্ষেত্ৰত প্ৰযোজ্য নিয়ম আৰু চৰ্তাৱলী পঢ়িছে, বুজি পাইছে আৰু গ্ৰহণ কৰিছে
বুলি গণ্য কৰা হ’ব। আপোনাক আপোনাৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব পৰা এই নিয়ম আৰু চৰ্তাৱলীসমূহ
আৰু ভাউচাৰ সেৱা প্ৰদানকাৰী আৰু/অথবা ব্যৱসায়ীৰ অন্য যিকোনো অভ্যন্তৰীণ নীতিসমূহ ভালদৰে
পঢ়িবলৈ দৃঢ়ভাৱে পৰামৰ্শ দিয়া হৈছে।
5. এখন ভাউচাৰ কিনিবলৈ বাছনি কৰাৰ জৰিয়তে, আপুনি কিনা ভাউচাৰৰ ব্যৱহাৰ সক্ষম কৰি তোলাৰ
বাবে Indusএ আপোনাৰ ব্যক্তিগত তথ্য ভাউচাৰ সেৱা প্ৰদানকাৰীৰ সৈতে ভাগ-বতৰা কৰিবলৈ
সন্মতি দিয়ে আৰু সেই অনুসৰি, আপুনি সম্পৰ্কিত ভাউচাৰ সেৱা প্ৰদানকাৰীৰ গোপনীয়তা নীতিৰ
দ্বাৰা পৰিচালিত হ’ব৷ আপুনি সন্মতি প্ৰদান কৰাৰ পাছত, ভাউচাৰ সেৱা প্ৰদানকাৰীৰ সৈতে ভাগ-
বতৰা কৰা এনে কোনো তথ্য (আৰু পাছত ইয়াৰ ব্যৱহাৰ)ৰ ক্ষেত্ৰত Indusএ ইয়াৰ দ্বাৰা নিজৰ
সকলো দায়বদ্ধতা অস্বীকাৰ কৰে।
6. আপুনি ভাউচাৰবোৰ কোনো বেআইনী অথবা অবৈধ উদ্দেশ্যৰ বাবে ব্যৱহাৰ নকৰিবলৈ অথবা কোনো
জালিয়াতিমূলক লেনদেন সম্পন্ন কৰাৰ বাবে ব্যৱহাৰ নকৰিবলৈ অথবা এনে ধৰণেৰে কাম নকৰিবলৈ
সন্মত হৈছে যাক প্ৰযোজ্য আইন আৰু/অথবা নীতি, নিয়ম, Indus আৰু/অথবা ভাউচাৰ সেৱা
প্ৰদানকাৰীৰ ব্যৱহাৰৰ চৰ্তাৱলীৰ উলংঘন কৰা হিচাপে গণ্য কৰা হ’ব পাৰে।
7. প্ৰযোজ্য আইনৰ দ্বাৰা অনুমোদিত সৰ্বোচ্চ পৰিসৰলৈকে, Indus, ইয়াৰ মূল কোম্পানী, সঞ্চালক,
কৰ্মচাৰী আৰু সহযোগী প্ৰতিষ্ঠানসমূহ তলত দিয়াসমূহৰ ফলত উদ্ভৱ হোৱা যিকোনো বিবাদ অথবা
লোকচানৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হ’ব আৰু শূন্য আইনী অথবা আৰ্থিক দায়বদ্ধতা থাকিব:
a) এটা ভাউচাৰ সেৱা প্ৰদানকাৰী অথবা এজন স্বতন্ত্ৰ ব্যৱসায়ীয়ে তেওঁলোকৰ ভৌতিক অথবা
ডিজিটেল বিক্ৰী কেন্দ্ৰত এখন ভাউচাৰৰ মূল্য প্ৰদান কৰিবলৈ, গ্ৰহণ কৰিবলৈ অথবা ৰিডিম
কৰিবলৈ অস্বীকাৰ কৰা।
b) যিকোনো ব্যৱসায়ী অথবা ভাউচাৰ সেৱা প্ৰদানকাৰীৰ বিত্তীয় অস্থিৰতা, ব্যৱসায় বন্ধ হোৱা
অথবা দেউলিয়া হোৱা।
c) ভাউচাৰ সেৱা প্ৰদানকাৰীৰ তৰফৰ পৰা উদ্ভৱ হোৱা যিকোনো টেকনিকেল লেজাৰৰ ত্ৰুটি,
বেলেন্সৰ পাৰ্থক্য, ডেটা লেগ অথবা ছিষ্টেমৰ ডাউনটাইম।
d) আপোনাৰ পঞ্জীয়নভুক্ত যোগাযোগলৈ সফলতাৰে প্ৰেৰণ কৰাৰ পাছত যিকোনো ভাউচাৰৰ ক’ড
অথবা PINৰ অনধিকৃত ব্যৱহাৰ কৰা, বাধা পোৱা অথবা চুৰি হোৱা।
8. আপুনি ইয়াৰ দ্বাৰা সন্মতি দিয়ে আৰু স্বীকাৰ কৰে যে এখন ভাউচাৰ ক্ৰয় কৰাৰ বাবে PhonePe
Appstoreৰ জৰিয়তে প্ৰক্ৰিয়া কৰা সকলো লেনদেন চূড়ান্ত, বাতিল কৰিব নোৱাৰা আৰু সম্পূৰ্ণৰূপে নন-
ৰিফাণ্ডেবল হয়। এবাৰ এখন ডিজিটেল ভাউচাৰৰ ক’ড সৃষ্টি হোৱাৰ পাছত, ইয়াত অন্যথা উল্লেখ নকৰালৈকে,
এইখন নগদ ধনৰ বাবে বিনিময় কৰিব নোৱাৰিব, প্ৰক্ৰিয়াটো ওলোটা কৰিব নোৱাৰিব অথবা ধনখিনি উৎসলৈ
ঘূৰাই জমা কৰিব নোৱাৰিব।
9. আপুনি স্বীকাৰ কৰে যে ৰিফাণ্ড আৰু ৰিটাৰ্ণ সম্পৰ্কীয় নীতিসমূহ ভাউচাৰ সেৱা প্ৰদানকাৰীয়ে নিৰ্ধাৰণ
কৰা অনুসৰি হ’ব। আপোনাক যিকোনো ভাউচাৰ ক্ৰয়/গ্ৰহণ কৰাৰ আগতে এয়া ভালদৰে পঢ়িবলৈ দৃঢ়ভাৱে
পৰামৰ্শ দিয়া হৈছে। Indus কোনো ৰিফাণ্ড সম্পৰ্কিত অভিযোগ/দাবীৰ বাবে দায়বদ্ধ নহ’ব আৰু ইয়াৰ বাবে
আপুনি কেৱল সংশ্লিষ্ট ভাউচাৰ সেৱা প্ৰদানকাৰীৰ কাষ চাপিব লাগিব।
10. Indusএ একমাত্ৰ নিজা আৰু নিৰপেক্ষ বিবেচনা তথা অধিকাৰ অনুসৰি, যিকোনো সময়তে আপোনাক কোনো
আগতীয়া জাননী নিদিয়াকৈ অথবা নজনোৱাকৈ ভাউচাৰসমূহৰ প্ৰতি আপোনাৰ এক্সেছ অস্থায়ীভাৱে অথবা
স্থায়ীভাৱে স্থগিত/বন্ধ কৰিব পাৰে। ইয়াৰোপৰি, সন্দেহজনক/প্ৰৱঞ্চনামূলক লেনদেনৰ ক্ষেত্ৰত, আপোনাৰ
লেনদেনসমূহৰ বিষয়ে Indus আৰু/অথবা ভাউচাৰ সেৱা প্ৰদানকাৰীয়ে মূল্যায়ন আৰু তদন্ত কৰিব পাৰে আৰু
তেওঁলোকে আপোনাক অৱগত কৰাৰ পাছত, আপুনি অনুৰোধ কৰা নথিপত্ৰসমূহ দাখিল কৰাৰ লগতে লিখিত
স্পষ্টীকৰণ প্ৰদান কৰিব লাগিব যিটো সম্পৰ্কিত লেনদেন(সমূহ)ৰ সৈতে প্ৰাসংগিক হ’ব পাৰে।
11. এই ভাউচাৰৰ পৰা অথবা ইয়াৰ সৈতে সম্পৰ্কিত কাৰণৰ ফলত উদ্ভৱ হোৱা যিকোনো বিবাদ, দাবী অথবা
সমস্যাৰ বাবে, আপুনি ভাউচাৰ সেৱা প্ৰদানকাৰী অথবা নিৰ্দিষ্ট মাৰ্চেণ্টৰ গ্ৰাহক সেৱা চেনেলৰ সৈতে
যোগাযোগ কৰিবলৈ সন্মত হৈছে। PhonePe Appstoreএ এনে কোনো দাবীৰ ক্ষেত্ৰত মধ্যস্থতা অথবা
হস্তক্ষেপ নকৰিব।
12. যিকোনো ভাউচাৰৰ কাৰ্যকৰী উপযোগিতা ভাউচাৰ সেৱা প্ৰদানকাৰী আৰু/অথবা স্বতন্ত্ৰ ব্যৱসায়ীজনৰ
নিয়মিত ব্যৱসায়িক কাৰ্যকলাপৰ ওপৰত সহজাতভাৱে নিৰ্ভৰশীল হয়। যদি কোনো ভাউচাৰ সেৱা প্ৰদানকাৰী
আৰু/অথবা ব্যৱসায়ী দেউলিয়া হোৱা, গাঁথনিগত দেউলিয়া হোৱা, কৰ্পোৰেট লিকুইডেশ্যনৰ ঘটনাৰ সন্মুখীন হয়
অথবা ধর্মঘট, চৰকাৰী নিষেধাজ্ঞা, ঈশ্বৰৰ কাৰ্য অথবা অসামৰিক অস্থিৰতা (অপ্ৰত্যাশিত ঘটনা)ক
অন্তৰ্ভুক্ত কৰি কিন্তু ইয়াতে সীমাবদ্ধ নোহোৱা যিকোনো কাৰণত কাৰ্যকলাপ বন্ধ কৰিবলৈ বাধ্য হয়,
তেন্তে ভাউচাৰৰ খৰচ নকৰা মূল্যৰ ক্ষতিপূৰণ দিবলৈ অথবা এই ধন ৰিফাণ্ড কৰিবলৈ Indusৰ কোনো
বাধ্যবাধকতা নাথাকে। তাৰোপৰি, আপুনি স্বীকাৰ কৰে আৰু সন্মত হয় যে Indusক কোনো ধাৰ/ঋণ সংগ্ৰহ,
উপভোক্তা মঞ্চৰ কাৰ্যব্যৱস্থা অথবা বিফল হোৱা ভাউচাৰ সেৱা প্ৰদানকাৰী অথবা ব্যৱসায়ীজনৰ বিৰুদ্ধে
আৰম্ভ কৰা পুনৰুদ্ধাৰৰ কাৰ্যব্যৱস্থাৰ পক্ষ হিচাপে গণ্য কৰা নহ’ব।
13. Indusৰ ওচৰত আপোনাক কোনো জাননী নিদিয়াকৈ, যিকোনো নিৰ্দিষ্ট ভাউচাৰ সেৱা প্ৰদানকাৰী অথবা
মাৰ্চেণ্ট অথবা শ্ৰেণীৰ যিকোনো প্ৰকাৰৰ ভাউচাৰ বন্ধ কৰা অথবা এই সম্পূৰ্ণ ভাউচাৰ সেৱাটোৱে বন্ধ কৰি
দিয়াৰ অধিকাৰ সংৰক্ষিত আছে। ইয়াৰ ফলত হোৱা আপোনাৰ যিকোনো লোকচান অথবা ক্ষতিৰ বাবে Indus/
PhonePe Appstore দায়বদ্ধ নহ’ব।
H. দায়লুপ্তি
PhonePe Appstoreৰ সেৱাসমূহ “যেনে আছে”, “য’ত আছে” আৰু “যিদৰে উপলব্ধ আছে” তাৰ আধাৰত প্ৰদান
কৰা হয় আৰু কোনো ধৰণৰ ৱাৰেণ্টি অবিহনে প্ৰদান কৰা হয়। PhonePe Appstoreৰ জৰিয়তে অন্তৰ্ভুক্ত
হোৱা অথবা অন্যথা উপলব্ধ কৰোৱা, PhonePe Appstore, PhonePe Appstoreৰ সেৱাসমূহ, ম’বাইল
এপসমূহ, সমল অথবা অন্য সেৱাসমূহৰ সন্দৰ্ভত Indusয়ে স্পষ্ট অথবা অন্তৰ্নিহিত, কোনো ধৰণৰ অথবা
কোনো প্ৰকৃতিৰ প্ৰতিনিধিত্ব নকৰে অথবা ৱাৰেণ্টি অথবা গেৰাণ্টী প্ৰদান নকৰে। লিখিতভাৱে উল্লেখ কৰি
নিদিয়ালৈকে, আপুনি স্পষ্টভাৱে সন্মতি দিয়ে যে আপুনি আপোনাৰ নিজা বিপদাশংকাৰ আধাৰত PhonePe
Appstore ব্যৱহাৰ কৰি আছে। Indus অথবা Indusৰ শাখাভুক্ত সংস্থাৰ কৰ্মচাৰীৰ পৰা আপুনি পোৱা
মৌখিক অথবা লিখিত, যিকোনো পৰামৰ্শ অথবা তথ্যক, Indusৰ PhonePe Appstoreৰ সৈতে সম্পৰ্কিত
ৱাৰেণ্টিৰ দায়লুপ্তিক সলনি কৰা অথবা Indusৰ পৰা কোনো ধৰণৰ ৱাৰেণ্টি সৃষ্টি কৰা বুলি গণ্য কৰা নহ’ব।
আইনৰ দ্বাৰা অনুমোদিত সীমালৈকে, Indusয়ে সকলো ৱাৰেণ্টি অস্বীকাৰ কৰে, যাৰ ভিতৰত কোনো সীমা
অবিহনে ব্যৱসায়যোগ্যতা, সন্তুষ্টিজনক গুণমান, এক নিৰ্দিষ্ট উদ্দেশ্যৰ বাবে যোগ্য হোৱা,
নিৰ্ভৰযোগ্যতা, উপলব্ধতা আৰু উলংঘনৰ পৰা মুক্ত হোৱাৰ অন্তৰ্নিহিত ৱাৰেণ্টি অন্তৰ্ভুক্ত হয়।
ইয়াৰোপৰি, Indusয়ে ইয়াৰ প্ৰতিনিধিত্ব নকৰে তথা কোনো নিশ্চয়তা অথবা গেৰাণ্টী প্ৰদান নকৰে যে
PhonePe Appstoreৰ সেৱা, ম’বাইল এপ আৰু সমলসমূহ (i) আপোনাৰ হাৰ্ডৱেৰ অথবা ছফ্টৱেৰৰ সৈতে
সুসংগত হ’ব, (ii) নিৰৱচ্ছিন্নভাৱে, সময়োপযোগীভাৱে, সুৰক্ষিত অথবা ত্ৰুটিমুক্তভাৱে কাম কৰিব, (iii) সদায়ে
উপলব্ধ হ’ব অথবা সকলো ক্ষতিকাৰক উপাদান অথবা ত্ৰুটিৰ পৰা মুক্ত হ’ব, য’ত তলত দিয়াসমূহ
অন্তৰ্ভুক্ত হয় কিন্তু ইয়াতে সীমিত নহয়, ভাইৰাছ, হস্তক্ষেপ, দুৰ্নীতি আৰু/অথবা অন্যান্য সুৰক্ষা
নিৰ্দেশসমূহ, আৰু/অথবা (iv) সুৰক্ষিত হ’ব অথবা হেকিং আৰু/অথবা অন্যান্য অনধিকৃত প্ৰৱেশাধিকাৰৰ পৰা
প্ৰতিৰোধকাৰী হ’ব।
যিকোনো সমল ব্যৱহাৰ কৰা অথবা চোৱাৰ ফলত উদ্ভৱ হোৱা কোনো দায়বদ্ধতা Indusয়ে স্পষ্টভাৱে
অস্বীকাৰ কৰে। PhonePe Appstoreত পোষ্ট কৰা সমল অথবা তৃতীয় পক্ষৰ কোনো প্ৰ’ডাক্টৰ বাবে
Indusয়ে কোনো দায়িত্ব গ্ৰহণ নকৰে, লগতে ই কোনো তৃতীয় পক্ষৰ বিজ্ঞাপনদাতাই প্ৰদান কৰা প্ৰ’ডাক্ট
অথবা সেৱাৰ বিষয়েও কোনো দায়বদ্ধতা গ্ৰহণ নকৰে। বিজ্ঞাপনদাতাৰ প্ৰ’ডাক্ট অথবা সেৱাসমূহ ব্যৱহাৰ
কৰাৰ ক্ষেত্ৰত আপুনি নিজেই সম্পূৰ্ণৰূপে দায়বদ্ধ হয়। PhonePe Appstoreৰ সেৱাসমূহ ব্যৱহাৰ কৰাৰ
সময়ত বিজ্ঞাপনদাতাসকলৰ সৈতে আপোনাৰ যিকোনো লেনদেন আপোনাৰ আৰু বিজ্ঞাপনদাতাৰ মাজত থাকিব
আৰু আপুনি সন্মত হৈছে যে বিজ্ঞাপনদাতাৰ কাৰণে হোৱা আপোনাৰ কোনো ক্ষতি অথবা ইয়াৰ বিৰুদ্ধে থকা
দাবীৰ বাবে Indus কোনো ধৰণেৰে দায়বদ্ধ নহয়।
PhonePe Appstoreৰ উদ্দেশ্য হৈছে ভাৰতৰ ভিতৰত ব্যৱহাৰৰ বাবে অনুমোদিত ম’বাইল এপ(সমূহ)/সমলৰ
প্ৰচাৰ কৰা। আমি এয়া উপস্থাপন নকৰোঁ অথবা নিশ্চয়তা নিদিওঁ যে PhonePe Appstore ভাৰতৰ বাহিৰত
ব্যৱহাৰৰ বাবে উপযুক্ত/নিৰ্ধাৰিত হয়।
I. দায়িত্বৰ সীমাবদ্ধতা:
প্ৰযোজ্য আইনৰ দ্বাৰা অনুমোদিত সীমালৈকে, কোনো পৰিস্থিতিতে Indus অথবা ইয়াৰ অনুজ্ঞাপত্ৰ
প্ৰদানকাৰী, শাখাভুক্ত সংস্থাৰ লোকসকল, কোনো পৰোক্ষ, আকস্মিক, পৰিণতিগত, বিশেষ, দৃষ্টান্তমূলক,
শাস্তিমূলক ক্ষতি অথবা হেৰুওৱা লোকচানৰ বাবে আপোনাৰ ওচৰত দায়বদ্ধ নহ’ব, লাগিলে আপোনাক এনে
ধৰণৰ ক্ষতিৰ সম্ভাৱনাৰ বিষয়ে পৰামৰ্শ দিয়া হ’লেও। এই সীমাবদ্ধতা দায়বদ্ধতাৰ তত্ত্ব নিৰ্বিশেষে
প্ৰযোজ্য হ’ব, লাগিলে সেয়া জালিয়াতি, ভুল উপস্থাপন, চুক্তিৰ উলংঘন, অৱহেলা, ব্যক্তিগত ক্ষতি,
প্ৰ’ডাক্টৰ দায়বদ্ধতা, উলংঘন অথবা অন্য কোনো তত্ত্ব হওক, লাগিলে আপোনাক এনে ধৰণৰ ক্ষতিৰ
সম্ভাৱনাৰ বিষয়ে পৰামৰ্শ দিয়া হৈছে নে নাই সেয়া নিৰ্বিশেষে। এই সীমাবদ্ধতা আৰু ৰেহাই অন্য কোনো
পক্ষৰ বিৰুদ্ধে আপুনি উত্থাপন কৰা যিকোনো দাবীৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব, য’ত এনে যিকোনো দাবীৰ
বাবে এনে ধৰণৰ পক্ষক Indusয়ে ক্ষতিপূৰণ দিয়াৰ প্ৰয়োজন হ’ব পাৰে। কোনো ক্ষেত্ৰতে এই চৰ্তাৱলীৰ
অধীনত আপোনাৰ প্ৰতি Indusৰ মুঠ দায়বদ্ধতা এশ টকা (ভাৰতীয় টকাত 100 টকা)তকৈ অধিক নহ’ব। এই
সেৱাসমূহৰ ব্যৱহাৰৰ জৰিয়তে হেৰাই যোৱা অথবা ক্ষতিগ্ৰস্ত হোৱা আপোনাৰ কোনো ডেটাৰ বাবে Indusৰ
কোনো দায়বদ্ধতা নাই; আপোনাৰ ডেটাৰ বেকআপ বজাই ৰখাৰ বাবে আপুনি নিজেই দায়বদ্ধ হয়।
J. ক্ষতিপূৰণ
আপুনি সন্মতি দিয়ে যে আপুনি Indus, ইয়াৰ বিষয়া, পৰিচালক আৰু এজেণ্টসকল আৰু Indusৰ হৈ কাম কৰা
যিকোনো পক্ষক ক্ষতিপূৰণ দিব, তেওঁলোকক মুক্ত কৰিব আৰু সুৰক্ষিত ৰাখিব, এনে যিকোনো আৰু
সকলোবোৰ দাবী, কাৰ্য, দায়বদ্ধতা, লোকচান, ক্ষতি, ৰায়, ব্যয় আৰু খৰচসমূহৰ পৰা, য’ত যুক্তিসঙ্গত
অধিবক্তাৰ মাচুলো অন্তৰ্ভুক্ত হয়, যি (i) PhonePe Appstore আৰু PhonePe Appstoreৰ সেৱাসমূহৰ
যিকোনো ব্যৱহাৰ, (ii) চৰ্তাৱলীৰ উলংঘন, অথবা (iii) কোনো প্ৰযোজ্য আইন অথবা তৃতীয় পক্ষৰ
অধিকাৰসমূহৰ উলংঘন হোৱাৰ ফলত সৃষ্টি হয়।
K. সমাপ্তি:
যদি Indusয়ে নিৰ্ধাৰণ কৰে যে আপুনি আপোনাৰ PhonePe Appstoreৰ ব্যৱহাৰৰ সৈতে জড়িত চৰ্তাৱলী
অথবা অন্য কোনো চুক্তি অথবা নিৰ্দেশনাসমূহ উলংঘন কৰিছে তেন্তে Indusৰ ওচৰত PhonePe
Appstoreত আপোনাৰ প্ৰৱেশ সম্পূৰ্ণ অথবা আংশিকভাৱে বন্ধ কৰাৰ অধিকাৰ সংৰক্ষিত থাকে। ইয়াৰোপৰি,
আপুনি সন্মত হৈছে যে Indusয়ে ইয়াৰ নিজস্ব বিবেচনাৰ আধাৰত আৰু কোনো আগতীয়া জাননী নিদিয়াকৈ,
PhonePe Appstoreত আপোনাৰ প্ৰৱেশাধিকাৰ বাতিল কৰিব পাৰে, এয়া বিভিন্ন কাৰণৰ বাবে হ’ব পাৰে, য’ত
তলত দিয়াসমূহ অন্তৰ্ভুক্ত হয় (কিন্তু ইয়াতে সীমিত নহয়) (i) আইন প্ৰণয়নকাৰী অথবা অন্য চৰকাৰী
সংস্থাৰ অনুৰোধমৰ্মে, (ii) PhonePe Appstore আৰু/অথবা PhonePe Appstoreৰ সেৱাসমূহ বন্ধ কৰা
অথবা উপাদান সংশোধন কৰা, অথবা (iii) অপ্ৰত্যাশিত কাৰিকৰী বিষয় অথবা সমস্যাসমূহ। যদি আপুনি নিজৰ
একাউণ্টটো বন্ধ কৰিব বিচাৰে, তেন্তে অনুগ্ৰহ কৰি Indusক [email protected]লৈ
ইমেইল কৰি অৱগত কৰক। আপোনাৰ ইমেইল প্ৰাপ্ত কৰাৰ পিছত, Indusয়ে এক যুক্তিসঙ্গত সময়সীমাৰ
ভিতৰত আপোনাৰ একাউণ্ট বন্ধ কৰি দিব। আপোনাৰ একাউণ্ট বন্ধ হোৱাৰ পিছত, প্ৰযোজ্য আইন
আৰু/অথবা Indusৰ আভ্যন্তৰীণ আৰ্কাইভিং নীতিসমূহৰ অধীনত অন্যথা প্ৰয়োজন নহ’লে, আপোনাৰ
একাউণ্টৰ সৈতে সম্পৰ্কিত সকলো ডেটা অথবা অন্যান্য তথ্য ডিলিট কৰি দিয়া হ’ব পাৰে। আপোনাৰ একাউণ্ট
বন্ধ কৰাৰ ফলত হোৱা এনে ডিলিটকৰণৰ বাবে Indus কোনো ধৰণেৰে দায়বদ্ধ নহ’ব। যিকোনো পক্ষৰ দ্বাৰাই
বন্ধ কৰাৰ ক্ষেত্ৰত, আপুনি যিকোনো সমল আৰু PhonePe Appstoreৰ সেৱাসমূহকে ধৰি PhonePe
Appstoreৰ সকলো ধৰণৰ ব্যৱহাৰ নিশ্চয়েই বন্ধ কৰিব লাগিব।
L. সাধাৰণ আইনী চৰ্তাৱলীসমূহ:
- এই চৰ্তাৱলীয়ে ইয়াৰ বিষয়বস্তুৰ সন্দৰ্ভত ইয়াৰ পক্ষসমূহৰ সম্পূৰ্ণ বুজাবুজি গঠন কৰে আৰু
তেওঁলোকৰ মাজত সম্পন্ন হোৱা পূৰ্বৰ সকলো বুজাবুজি, সন্ধিস্থাপন, আলোচনা, লিখিত বিষয় আৰু
চুক্তিসমূহ বাতিল কৰে। - এই চৰ্তাৱলীত সন্নিৱিষ্ট কোনো কথাই কোনো পক্ষকে অন্য পক্ষৰ অংশীদাৰী, এজেণ্ট, কৰ্মচাৰী
অথবা আইনী প্ৰতিনিধি হিচাপে গণ্য নকৰে অথবা ইয়াৰে কোনো উদ্দেশ্যৰ বাবে তেওঁলোকৰ মাজত
কোনো বিশ্বস্ত সম্পৰ্ক সৃষ্টি হোৱা বুলিও গণ্য কৰা নহয়। - যিকোনো পক্ষৰ দ্বাৰা এই চৰ্তাৱলীৰ অধীনত তেওঁক প্ৰদান কৰা যিকোনো ক্ষমতা, অধিকাৰ অথবা
প্ৰতিকাৰ প্ৰয়োগ কৰাত হোৱা কোনো বিফলতা, বিলম্ব, শিথিলতা অথবা সহানুভূতিক সেই ক্ষমতা,
অধিকাৰ অথবা প্ৰতিকাৰৰ ৰেহাই হিচাপে গণ্য কৰা নহ’ব, যেতিয়ালৈকে ইয়াক লিখিতভাৱে ৰেহাই বুলি
প্ৰকাশ কৰা নহয়। - যদি এই চৰ্তাৱলীৰ যিকোনো চৰ্তক আইনৰ কোনো আদালত/ন্যায়াধিকৰণ/বিধায়িনীৰ দ্বাৰা অবৈধ
অথবা অমান্য বুলি ঘোষণা কৰা হয়, তেন্তে এইটোৱে অন্য কোনো চৰ্তাৱলী অথবা বিধানৰ বৈধতা
অথবা বলৱৎযোগ্যতাক প্ৰভাৱিত নকৰিব, যেতিয়ালৈকে অবৈধ অথবা অমান্য বুলি ঘোষণা কৰা চৰ্ত
আৰু বিধানটো কোনো পূৰ্ব-চৰ্তৰ ৰূপত নাথাকে অথবা চৰ্তাৱলীৰ সাৰমৰ্মক প্ৰভাৱিত নকৰে অথবা
এইটো চৰ্তাৱলীৰ এক অবিচ্ছেদ্য অংশ নহয় আৰু বাকী চৰ্তাৱলীৰ পৰা পৃথক কৰিব পৰা নাযায়। এনে
ক্ষেত্ৰত, আপুনি সন্মতি প্ৰদান কৰিছে যে আপুনি Indusৰ দ্বাৰা আৱশ্যকীয় হোৱা অন্য কোনো
নথিৰ দ্বাৰা চুক্তিবদ্ধ হ’ব, যিটো অবৈধ/বলৱৎ কৰিব নোৱাৰা বিধানক উপযুক্তভাৱে সংশোধন
কৰিবলৈ আৰু চৰ্তাৱলীৰ উদ্দেশ্য প্ৰাপ্ত কৰাত সহায় কৰিবলৈ যুক্তিসঙ্গতভাৱে প্ৰয়োজনীয় হয়।
5. জাননীসমূহ: Indusয়ে তলত দিয়াসমূহৰ মাধ্যমেৰে আপোনালৈ PhonePe Appstoreৰ সৈতে সম্পৰ্কিত
কোনো জাননী প্ৰেৰণ কৰিব পাৰিব (i) আপোনাৰ ব্যৱহাৰকাৰী লগইন একাউণ্টত তালিকাভুক্ত ফোন
নম্বৰলৈ মেছেজ অথবা জাননী প্ৰেৰণ কৰি, অথবা (ii) আপুনি PhonePe Appstore ডাউনলোড কৰা
আপোনাৰ ডিভাইচলৈ এটা পুছ নʼটিফিকেছন প্ৰেৰণ কৰি, অথবা (iii) PhonePe Appstoreলৈ ইন-এপ
নʼটিফিকেছন(সমূহ) প্ৰেৰণ কৰি।
6. এই সন্দৰ্ভত আপোনাক কোনো জাননী নিদিয়াকৈ, Indusৰ আন যিকোনো পক্ষক চৰ্তাৱলী আবণ্টন
(আংশিকভাৱে অথবা সম্পূৰ্ণৰূপে) কৰাৰ অধিকাৰ থাকিব।
7. শাসকীয় আইন আৰু বিবাদ নিষ্পত্তি: আপুনি স্পষ্টভাৱে সন্মতি দিয়ে যে ভাৰতৰ আইনসমূহে
PhonePe Appstoreৰ চৰ্তাৱলী আৰু আপোনাৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিব। আপুনি সন্মত হৈছে যে,
এই চৰ্তাৱলীৰ সৈতে সম্পৰ্কিত উদ্ভৱ হোৱা সকলো বিষয়ৰ বিচাৰ কৰিবলৈ আৰু ৰায় প্ৰদান কৰিবলৈ
কৰ্ণাটকৰ বেংগালুৰুৰ আদালতসমূহৰ একচেটিয়া অধিকাৰ থাকিব।
8. এই চৰ্তাৱলীৰ অধীনত যিকোনো পক্ষৰ অধিকাৰ, ক্ষমতা আৰু প্ৰতিকাৰসমূহ ক্ৰমবৰ্ধমান হয় আৰু
আইন অথবা সমতাৰ ক্ষেত্ৰত কোনো পক্ষৰ বাবে উপলব্ধ অন্য কোনো অধিকাৰ, ক্ষমতা আৰু
প্ৰতিকাৰসমূহৰ একচেটিয়া নহয়।
9. সংশোধনসমূহ: এই চৰ্তাৱলীসমূহ সংশোধনৰ অধীন হয়। আমি PhonePe Appstoreত চৰ্তাৱলীৰ এটা
আপডেট কৰা সংস্কৰণ পোষ্ট কৰি যিকোনো সময়তে এই চৰ্তাৱলী সংশোধন কৰাৰ অধিকাৰ সংৰক্ষণ
কৰোঁ। যিকোনো আপডেট/পৰিৱৰ্তনৰ বাবে সময়ে সময়ে এই চৰ্তাৱলী পৰ্যালোচনা কৰাটো আপোনাৰ
দায়িত্ব হয়। যিকোনো পৰিৱৰ্তন পোষ্ট কৰাৰ পিছতো আপুনি নিয়মিতভাৱে PhonePe Appstore
ব্যৱহাৰ কৰি থকা কাৰ্যই সংশোধিত চৰ্তাৱলীৰ ক্ষেত্ৰত আপোনাৰ সন্মতিক বুজায়।
10. এই চৰ্তাৱলীৰ ক্ষেত্ৰত আপোনাৰ কঠোৰ অনুপালনৰ ওপৰত জোৰ নিদিয়া অথবা সেয়া বলৱৎ কৰাৰ
ক্ষেত্ৰত আমাৰ ব্যৰ্থতাই, আমাৰ কোনো অধিকাৰৰ পৰা ৰেহাই দিয়া হৈছে বুলি গণ্য কৰা নহয়।